চান্দা
ৰজা আকবৰৰ দিনৰে বাইক খনৰ ঘেৰ ঘেৰ শব্দৰ ছন্দ টোৰ লগত মিলাই মোৰ শিয়াল সুৰীয়া কণ্ঠৰে গান এটা গাই আহি আছিলো। হঠাৎ আগফালে বাহ এটা বান্ধি থোৱা দেখিলো । বাইক খন ৰখাই দুই চাৰিটা ভক্তি ভাৱেৰে গালি পাৰি ললো , চাৰিওফালে ঘুৰি চালো কিন্তু কোনো নাই । বাহটো গুচাব যাওঁতে পিছফালৰ পৰা মাত আহিল ।
-- ৰৱ ৰৱ ।
মই ঘুৰি চাই দেখো কাষৰ দোকান খনৰ পৰা মানুহ এজন ওলাই আহিল ।
-- বেয়া নাপাব দেই , মানে কাষতে বিহু পাতিছো , তাৰ বাবে চান্দা তুলি আছোঁ ।
খেক খেককৈ হাঁহি এটা মাৰি চিখৰৰ পিকত কলা পৰা দাত কেইটা নিলাজ ভাৱে প্ৰদৰ্শন কৰিলে , অৱশ্যে পুৰা ৩২ টা আছিল নে নাই গনি চোৱা নহল । মইও ফিচিককৈ মোৰ ভাগৰ হাঁহি টো দেখুৱাই দিলো । মোৰ দাত কেইটা দেখিও বপুৰাৰ লাজ নালাগিল । চান্দাৰ বহীখন উলিয়াই কলমটো উলিয়াই পুৰা সাজু হল যেন ৰাতিপুৱাৰ কামফেৰাৰ বাবে দেৰী হৈছে। মইও ফিউজ যাব ধৰা বাল্বৰ দৰে মুখখন কৰি কিবাকে মানিবেগ উলিয়ালো, যিটো মোৰ বাবে সকলোতকৈ কঠিন কাম আছিল ।
-- অসমীয়া মানুহ যেতিয়া বিহু খননো কেনেকৈ এৰো ।
-- হয় দিয়ক । অসমীয়াই যদি বিহুৰ বাবে নিদিও কেনেকৈ হব মই কিন্তু সৱতে দিওঁ ।
হাঁহি মাৰি ২০ টকীয়া এখন উলিয়াই দিলো ।
-- হয় দিয়ক । আজিকালি আপোনাৰ দৰে মানুহ পোৱাই টান । -- গোটেই সোপা দাত মোৰ ফালে উলিয়াই এনেকৈ চালে , চাল্লা , ৰাতিপুৱাৰ বাছত বেলেগৰ আগদিনাৰ ভাত তৰকাৰী সন্মুখত মিশ্ৰিত ৰূপত দেখিলেও এনেকা নালাগে ।
২০ টকীয়া খন পকেটত লৈ বুকু ফুলাই দোকান খনৰ ফালে গল ।
মইও পিছে পিছে গৈ দোকান পালোগৈ ।
-- অহ কিবা লাগিছিল নেকি ?
-- অহ মানে , আমিও গাঁৱত বিহু পাতিছো । সেইবাবে মানে চান্দা

.
.
মইও পিছে পিছে যায় দোকান পালোগৈ ।
-- অহ কিবা লাগিছিল নেকি ?
-- অহ মানে , আমিও গাঁৱত বিহু পাতিছো । সেইবাবে মানে অলপ চান্দা .... । মইও বহীটো পকেটৰ পৰা উলিয়াই দিলোঁ ।
-- অসমীয়াই যদি অসমীয়াৰ বিহুত সহায় নকৰে , কেনেকৈ হব কওকচোন ?
কচমচে মুখখন মেলি এনেকৈ চালে মোৰ ফালে অলপ ক্ষীণ হলে জ্বলি ভষ্ম হলো হয় ।
বিঃদ্ৰঃ - মানুহ জনৰ ২৮ টা দাত আছিল আৰু তাৰে দুটামান কম চকুৰ পাৱাৰৰ মানুহৰ বাবে দেখাই টান ।

অলপ চান্দা .... । মইও বহীটো পকেটৰ পৰা উলিয়াই দিলোঁ ।
-- অসমীয়াই যদি অসমীয়াৰ বিহুত সহায় নকৰে , কেনেকৈ হব কওকচোন ?
কচমচে মুখখন মেলি এনেকৈ চালে মোৰ ফালে অলপ ক্ষীণ হলে জ্বলি ভষ্ম হলো হয় ।
বিঃদ্ৰঃ - মানুহ জনৰ ২৮ টা দাত আছিল আৰু তাৰে দুটামান কম চকুৰ পাৱাৰৰ মানুহৰ বাবে দেখাই টান ।
নৱ যুগল কাশ্যপ
Comments
Post a Comment