Skip to main content

Posts

Showing posts from July, 2017
চান্দা ৰজা আকবৰৰ দিনৰে বাইক খনৰ ঘেৰ ঘেৰ শব্দৰ ছন্দ টোৰ লগত মিলাই মোৰ শিয়াল সুৰীয়া কণ্ঠৰে গান এটা গাই আহি আছিলো । হঠাৎ আগফালে বাহ এটা বান্ধি থোৱা দেখিলো । বাইক খন ৰখাই দুই চাৰিটা ভক্তি ভাৱেৰে গালি পাৰি ললো , চাৰিওফালে ঘুৰি চালো কিন্তু কোনো নাই । বাহটো গুচাব যাওঁতে পিছফালৰ পৰা মাত আহিল । -- ৰৱ ৰৱ । মই ঘুৰি চাই দেখো কাষৰ দোকান খনৰ পৰা মানুহ এজন ওলাই আহিল । -- বেয়া নাপাব দেই , মানে কাষতে বিহু পাতিছো , তাৰ বাবে চান্দা তুলি আছোঁ । খেক খেককৈ হাঁহি এটা মাৰি চিখৰৰ পিকত কলা পৰা দাত কেইটা নিলাজ ভাৱে প্ৰদৰ্শন কৰিলে , অৱশ্যে পুৰা ৩২ টা আছিল নে নাই গনি চোৱা নহল । মইও ফিচিককৈ মোৰ ভাগৰ হাঁহি টো দেখুৱাই দিলো । মোৰ দাত কেইটা দেখিও বপুৰাৰ লাজ নালাগিল । চান্দাৰ বহীখন উলিয়াই কলমটো উলিয়াই পুৰা সাজু হল যেন ৰাতিপুৱাৰ কামফেৰাৰ বাবে দেৰী হৈছে । মইও ফিউজ যাব ধৰা বাল্বৰ দৰে মুখখন কৰি কিবাকে মানিবেগ উলিয়ালো , যিটো মোৰ বাবে সকলোতকৈ কঠিন কাম আছিল । ...