Posts

চান্দা ৰজা আকবৰৰ দিনৰে বাইক খনৰ ঘেৰ ঘেৰ শব্দৰ ছন্দ টোৰ লগত মিলাই মোৰ শিয়াল সুৰীয়া কণ্ঠৰে গান এটা গাই আহি আছিলো । হঠাৎ আগফালে বাহ এটা বান্ধি থোৱা দেখিলো । বাইক খন ৰখাই দুই চাৰিটা ভক্তি ভাৱেৰে গালি পাৰি ললো , চাৰিওফালে ঘুৰি চালো কিন্তু কোনো নাই । বাহটো গুচাব যাওঁতে পিছফালৰ পৰা মাত আহিল । -- ৰৱ ৰৱ । মই ঘুৰি চাই দেখো কাষৰ দোকান খনৰ পৰা মানুহ এজন ওলাই আহিল । -- বেয়া নাপাব দেই , মানে কাষতে বিহু পাতিছো , তাৰ বাবে চান্দা তুলি আছোঁ । খেক খেককৈ হাঁহি এটা মাৰি চিখৰৰ পিকত কলা পৰা দাত কেইটা নিলাজ ভাৱে প্ৰদৰ্শন কৰিলে , অৱশ্যে পুৰা ৩২ টা আছিল নে নাই গনি চোৱা নহল । মইও ফিচিককৈ মোৰ ভাগৰ হাঁহি টো দেখুৱাই দিলো । মোৰ দাত কেইটা দেখিও বপুৰাৰ লাজ নালাগিল । চান্দাৰ বহীখন উলিয়াই কলমটো উলিয়াই পুৰা সাজু হল যেন ৰাতিপুৱাৰ কামফেৰাৰ বাবে দেৰী হৈছে । মইও ফিউজ যাব ধৰা বাল্বৰ দৰে মুখখন কৰি কিবাকে মানিবেগ উলিয়ালো , যিটো মোৰ বাবে সকলোতকৈ কঠিন কাম আছিল ।
Recent posts